শিক্ষকক দিৱসৰ দিনাই নতুন শিক্ষা নীতি সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ কমিটিৰ বৈঠক
পবিত্ৰ শিক্ষক দিৱসৰ দিনাই নতুন শিক্ষানীতিকলৈ উচ্চ পৰ্য্যায়ৰ কমিটিৰ বৈঠক। বৈঠকত উপস্থিত কমিটিৰ সদস্য-সদস্যা সকল। ডঃ হিমন্ত বিশ্ব শৰ্মাৰো অংশগ্ৰহণ বৈঠকত। অংশগ্ৰহণ সাংসদ বিশ্বজিৎ দৈমাৰীৰো। বৈঠকত অংশগ্ৰহণ আয়ুক্ত সচিব কল্যাণ চক্ৰৱৰ্তীৰ। নতুন শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ কেতবোৰ গুৰুত্বপুৰ্ণ ঘোষণা-
- নতুন শিক্ষানীতিৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰম একেলগে পঢ়িব পাৰিব
- ভাষা সাংস্কৃতিয়ে প্ৰাণ পাই উঠিব ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে
- বিজ্ঞান,গণিতক বাদ দি সকলো বিষয় মাতৃভাষাত পঢ়িব পাৰিব
- নতুন শিক্ষানীতিত অসমৰ কৃষ্টি-সংস্কৃতিয়ে স্থান পাব
- ইংৰাজী মাধ্যমৰ বিদ্যালয় হ’লেও দশম মানলৈ অসমীয়া পঢ়িবই লাগিব
- এই শিক্ষা নীতিয়ে অসমীয়া ভাষাক জীয়াই ৰাখিব
- ৫ বছৰৰ শিক্ষা ব্যৱস্থা থাকিব নতুন শিক্ষা নীতিত
- নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আদৰি লৈছে দেশৰ সকলোৱে
- নতুন শিক্ষানীতি সন্দৰ্ভত ক’তো প্ৰশ্নবোধক নাই