মিজোৰামৰ লংটলাই জিলাত নতুনকৈ পশু চিকিৎসা উদ্ধোধন By MyNewsNE Desk On Nov 19, 2021 Share গুৱাহাটী,১৯ নৱেম্বৰ: মিজোৰাম পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী ড°কে বেইচুয়াই বৃহস্পতিবাৰে দক্ষিণ মিজোৰামৰ লংটলাই চহৰত এখন জিলা পশু চিকিৎসালয় উদ্ধোধন কৰে। মুঠ ৯০ লাখ টকাৰ প্ৰকল্পেৰে নিৰ্মাণ হোৱা এই হস্পিটালখন ২০১৯ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছিল। অনুষ্ঠানত ভাষণ কৰি ড° বেইচুয়াই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়ণৰ বাবে ব্যাপক প্ৰচেষ্টা চলাই আহিছে আৰু ক’ভিড-১৯ মহামাৰীৰ পিছতো কাম কৰি আহিছে। তেঁও কয় যে চৰকাৰে সাতখন জিলাত নতুন পশু চিকিৎসালয় নিৰ্মাণ কৰি আহিছে আৰু লংটলাইত নতুনকৈ উদ্ধোধন কৰা চিকিৎসালয়কে ধৰি মুঠ চাৰিখন এতিয়ালৈকে উদ্ধোধন কৰা হৈছে। লগতে চৰকাৰে ইতিমধ্যে আৰু তিনিখন পশু চিকিৎসালয় নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন কৰিছে। Related Posts Assam | Lumding news: সংৰক্ষিত বনাঞ্চলৰ পুখুৰীত বন্ধুৰ লগত… Aug 31, 2025 Assam | Raowta news: ঘোষণা কৰা হ’ল BPF ৰ দ্বিতীয়খন… Aug 31, 2025 Watch | Rangia news: ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ… Aug 31, 2025 আইজলৰ ওচৰৰ তানহৰিল আৰু লংটলাই জিলাৰ মাম্পুইত পশু চিকিৎসা ফাৰ্মত হেচাৰী স্থাপনৰ প্ৰচেষ্টা চলি আছে। তাৰোপৰি ৰাজ্যখনত যাতে মাংস আৰু অন্যান্য মাংসৰ সামগ্ৰীৰ ওপৰত আত্মনিৰ্ভৰশীল হৈ পৰে তাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই আছে। তেঁওৰ মতে, বৰ্তমান ৰাজ্যখনত খোৱা মাংসৰ ৭০ শতাংশ আন ৰাজ্যৰ পৰা আমদানি কৰা হয়। Share FacebookTwitterReddItWhatsAppPinterestEmail