Local, Vocal, Global

ভাৰতত ‘হৰকত ৩১৩’ সন্ত্ৰাসবাদী

বিগত দুসপ্তাহ পুনৰ ৰক্তাক্ত হৈছে কাশ্মীৰ । সাধাৰণ লোকৰ লগতে প্ৰাণ হেৰুৱাইছে সেনা জোৱানেও । পাক সীমান্তত পাৰ হৈ জ‌ঈছ-ই-মহম্মদ বা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে ভূ-স্বৰ্গত আক্ৰমণ চলোৱা বুলি প্ৰথম অৱস্থাত চোৰাংচোৱাই ধাৰণা কৰিছিল । অৱশ্যে সোনকালেই ভাৰতীয় চোৰাংচোৱাই যি তথ্য উদ্‌ঘাটন কৰিলে, তাৰ পৰাই কেন্দ্ৰৰো চকু কপালত উঠিছে । জ‌ঈছ, লস্কৰ আদিৰ সমান্তৰালকৈ সীমান্তত অৱস্থান গ্ৰহণ কৰিছে ‘হৰকত ৩১৩’ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে । এই সংগঠনটোৱেই সম্প্ৰতি বিদেশী সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰাইছে । কাশ্মীৰত অনুপ্ৰৱেশৰ ক্ষেত্ৰত ‘হৰকত ৩১৩’ একেবাৰে নতুন নাম যদিও বিদেশত ইয়াৰ প্ৰতিষ্ঠাৰ বাবেই ভাৰতীয় চোৰাংচোৱা চিন্তিত হৈ পৰিছে ।

১৯৯৯ত ইলিয়াছ কস্তুৰী নামৰ এজন সন্ত্ৰাসবাদী নেতাই এই বিশেষ বাহিনীটোৰ জন্ম দিছিল । সেই সময়ত এই সংগঠনটো প্ৰধানকৈ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰতে সক্ৰিয় আছিল । তেতিয়া সংগঠনটোৱে প্ৰধানকৈ অল কায়দাৰ হৈ কাম কৰিছিল । সম্প্ৰতি পাক সেনা, আইএছ‌আই আৰু তালিবানৰ হাক্কানি নেটৱৰ্কৰ সাহায্যতে ‘হৰকত ৩১৩’ বাহিনীয়ে নিজৰ ক্ষেত্ৰখনত পৰিৱৰ্তন ঘটাইছে । শীতৰ পূৰ্বেই কাশ্মীৰত সন্ত্ৰাসবাদী প্ৰৱেশ কৰোৱাত ব্যস্ত হৈ পৰিছে এই সংগঠনটো । উল্লেখ্য যে ‘৩১৩’ সংখ্যাটো ইছলাম ধৰ্মৰে জড়িত হৈ আছে । আলবদৰৰ যুদ্ধত মহম্মদৰ সংগী আছিল ৩১৩জন যোদ্ধা । সেই সূত্ৰ ধৰিয়েই ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ অভিজাত বা অত্যাধুনিক সংগঠনক এই সংখ্যাৰে চিহ্নিত কৰা হয় । সম্প্ৰতি তালিবানৰ সবাতোকৈ অভিজাত শাখা হৈছে ‘বদৰি ৩১৩’ । এই শাখাটো কাবুল চহৰ আৰু বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত আছে । এই বাহিনীৰ অনুকৰণতে পুনৰ্জন্ম হৈছে ‘হৰকত ৩১৩’ৰ ।

তালিবানৰ ভিতৰচ’ৰাত হাক্কানি নেটৱৰ্কৰ আধিপত্য বৃদ্ধি পোৱাত ইতিমধ্যেই অশনি সংকেত লাভ কৰিছিল ভাৰতীয় চোৰাংচোৱাই । সীমান্তৰ নিৰাপত্তাক লৈ চিন্তাও বাঢ়িছিল । এই হাক্কানি নেটৱৰ্কত আছে মধ্য এছিয়াৰ বিভিন্ন দেশৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য । এইসকলে ইতিমধ্যেই অত্যাধুনিক অস্ত্ৰ চালনা আৰু যুদ্ধ কৌশল আয়ত্ব কৰিছে । এই বাহিনীটো স্বভাৱত উদণ্ড তথা যুঁজাৰু । ধৰ্মৰ নামত প্ৰাণ দিবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰে । এই বিভিন্ন দেশৰ ইছলামিক সন্ত্ৰাসবাদীক লৈয়েই গঠন হৈছে ‘হৰকত ৩১৩’ । তেওঁলোকৰ মূল লক্ষ্যই হৈছে কাশ্মীৰৰ শান্তিভংগ । দেশৰ ভিতৰতো তেওঁলোকে নাৱকতাৰ বীজ ৰোপণৰ অপচেষ্টা চলাইছে ।

উল্লেখ্য যে, শীতৰ আৰম্ভণিৰ পৰাই প্ৰৱল তুষাৰপাতৰ প্ৰকোপত কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ কাৰ্যতঃ বন্ধ হৈ পৰে । সেয়ে প্ৰতি বছৰে শীতৰ পূৰ্বেই ভূ-স্বৰ্গত অনৰ্গলভাৱে অনুপ্ৰৱেশৰ চেষ্টা চলায় সন্ত্ৰাসবাদীয়ে । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । অৱশ্যে এইবাৰ জ‌ঈছ, লস্কৰ, হিজবুল আদিৰ সমান্তৰালকৈ সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছে ‘হৰকিত ৩১৩’ সন্ত্ৰাসবাদীয়েও । এই সন্ত্ৰাসবাদীসকলে প্ৰধানকৈ ভিৰৰ মাজত মিলি থাকি চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰাৰ লক্ষ্য লৈছে । লগতে সেনাবাহিনীৰ ওপৰতো আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে । সেইবাবে ‘হৰকত ৩১৩’ বাহিনীটোক কেন্দ্ৰ কৰি এইবাৰ অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিছে নিৰাপত্তা বাহিনীয়ে ।