Local, Vocal, Global

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভূমিকম্প

নিউজ ডেস্ক, ৫ জুন : National Centre for Seismology (NCS)ৰ তথ্য অনুসৰি মঙলবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কেইবাটাও ভূমিকম্প সংঘটিত হয়।

সোমবাৰে সন্ধিয়াৰ পৰা কেইবাটাও সৰু ভূমিকম্পই Andaman And Nicobar Islandৰ দ্বীপসমূহক জোকাৰি গৈছিল আৰু ৰিখটাৰ স্কেলত ভূমিকম্পবোৰৰ প্ৰাবল্য ৩.৮ ৰ পৰা ৫ আছিল।

এনচিএছৰ তথ্যঅনুসৰি, যোৱা নিশা কম সময়ৰ ব্যৱধানত ভূমিকম্প হৈছিল।

ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ শেহতীয়া ভূমিকম্পটো পুৱা প্ৰায় ৮.০৫ বজাত Port Blairৰ পৰা প্ৰায় ১৮৭ কিলোমিটাৰ দক্ষিণ-পূবত সংঘটিত হৈছিল। আৰু ভূমিকম্পটোৰ গভীৰতা ৩০ কিলোমিটাৰ আছিল।

আনহাতে, পুৱা প্ৰায় ৫.৫৭ বজাত Port Blairত , ৰিখটাৰ স্কেলত ৫.০ প্ৰাবল্যৰ আটাইতকৈ শক্তিশালী কম্পনটো সংঘটিত হৈছিল। কেন্দ্ৰস্থল আছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ ২১৫ কিলোমিটাৰ  ESE।