Local, Vocal, Global

গাড়ীগাঁও এনকাউণ্টাৰ কাণ্ডৰ নতুন মোৰ

নিউজ ডেস্ক, ২৯ মাৰ্চ : গাড়ীগাঁও বলাত্‍কাৰ কাণ্ডৰ নতুন মোৰ। অভিযুক্ত বিকী আলীক আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনা গুৰুত্ব সহকাৰে লৈছে মানৱ অধিকাৰ আয়োগে। বিকীৰ পিতৃ-মাতৃয়ে অভিযোগ উত্থাপন কৰে যে তেওঁলোকে আৰক্ষীক বিকীক গতাই দিয়াৰ পাছত শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল বিকী আলীক।
এই সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি বিকীৰ পৰিয়ালে কাষ চাপিছিল ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ। আয়োগে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে।
১৫ দিনৰ ভিতৰত এই প্ৰতিবেদন জমা দিব লাগিব আৰক্ষীয়ে। ইয়াৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকো জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে, গাড়ীগাঁৱৰ এই বলাতকাৰ কাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চিনাক্ত কৰিছিল ৪জন কিশোৰক। তাৰেই মুখ্য অভিযুক্ত বুলি চিনাক্ত কৰা বিকী আলী আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে মৃত্যু হৈছিল।