Local, Vocal, Global

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্ক,২৯ মাৰ্চঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ৰাজ্যিক কমিটিয়ে সোমবাৰে নিশা ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা ৷ বিজেপিৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৫৩ টা ৱাৰ্ডৰ বাবে প্ৰার্থীৰ প্ৰথম তালিকা ঘোষণা কৰা হৈছে ৷

গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ বাকী ৭ টা ৱাৰ্ডত বিজেপিৰ মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

উল্লেখ্য যে, ১৯ এপ্ৰিলত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰিছে ৷ ৩০ মাৰ্চত গুৱাহাটী পৌৰ নিগমৰ বাবে মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে ৷ ৪ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে ৷