Local, Vocal, Global

মহানগৰীবাসীলৈ নতুন বিপদ

নিউজ ডেক্স, ১৯ জুন : বানত বুৰ যোৱা মহানগৰীবাসীলৈ নতুন বিপদ। যিকোনো মূহুৰ্ততে ভাগিব পাৰে ভৰলু নৈৰ Guard Wall কাৰণ অত্যাধিক বৰষুণৰ ফলত পানীৰ পৰিমাণ বৃদ্ধি হোৱাত ভৰলু নৈৰ গাৰ্ড ৱালত সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাঁটৰ।

৬ দিন ধৰি পানীৰ মাজত ককবকাই থকা অনিল নগৰবাসী সন্মুখীন হব পাৰে ভয়ংকৰ বিপদৰ। অনিল নগৰৰ ৰাজপথত ভৰলু নৈৰ গাৰ্ড ৱালেৰে অহৰহ নিগৰি আছে পানী ।

গাৰ্ড ৱাল ফাঁট মেলাৰ পিছত অনিল নগৰত মেয়ৰ মৃগেন শৰণীয়া উপস্থিত হয় । পৰৱৰ্তীসময়ত এই গাৰ্ড ৱাল সমূহ ভাল কৰাৰ বাবে আশ্বাস প্ৰদান কৰে আৰু বৰ্তমান বালিৰ বস্তা দি গাৰ্ড ৱাল ৰক্ষা কৰাৰ চেষ্টা মহানগৰ পৌৰনিগমৰ।