Local, Vocal, Global

মৰিগাওঁত অঘটন

নিউজ ডেস্ক, ১৯ জুন : ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতে মৰিগাওঁত অঘটন।

মায়ঙৰ আঞ্চলিক মহাবিদ্যালয়ৰ হোষ্টেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত এগৰাকী ছাত্রীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মৃত ছাত্রীগৰাকী বুৰগাঁৱৰ বুলি জানিব পৰা গৈছে। কোঠাটোৰ ভিতৰত অকলে আছিল ছাত্রীগৰাকী। তাৰপাছতেই ৰবিবাৰে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ।

জানিব পৰা মতে দ্বিতীয় ষান্মাসিকৰ ছাত্রী আছিল তেওঁ। অৱশ্যে কি কাৰণে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰিলে তাৰ কাৰণ বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই।