চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বক্সিৰহাটত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক:- চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বক্সিৰহাটত বিধ্বংসী অগ্নিকাণ্ড। নিশা প্ৰায় ১মান বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। বজাৰখনৰ ৮খনকৈ দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি নিমিষতে জাহ যায়। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু পশ্চিমবংগৰ অগ্নিনিৰ্বাপকবাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হল সেয়া ৰহস্য হৈ থাকিল।