Local, Vocal, Global

জামুগুৰিহাটত জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ বৃক্ষৰোপণ

ডিজিটেল ডেস্ক:- বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আয়োজনৰ প্ৰস্তুতি ৷ বিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৰূপায়ণ কৰিছে বক্ষৰোপণ কাৰ্যসূচী। ইতিমধ্যে শোণিতপুৰ-বিশ্বনাথৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হৈছে ৷ ইয়াৰ অংশ স্বৰূপে আজি জামুগুৰিহাটতো ৰূপায়ণ কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী।

নৱোদয়ৰ অধ্যক্ষ নিৰঞ্জন সিঙৰ নেতৃত্বত আজি এই বৃক্ষৰোপণ কাৰ্যসুচীত জামুগুৰিহাটৰ ভালেকেইগৰাকী প্ৰাক্তন ছাত্ৰই চাৰিলেনযুক্ত পথৰ মাজৰ ডিভাইডাৰত শতাধিক গছ পুলি ৰোপণ কৰে ৷