Local, Vocal, Global

কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশীক! ভুৱা পাছপ’ৰ্ট, আধাৰ কাৰ্ড লৈ অসমত সোমাইছিল তিনিও

ডিজিটেল ডেস্ক:-গুৱাহাটীত কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশীক । বুধবাৰে সন্ধিয়া ভাগত RPF আৰু ৰে’ল আৰক্ষীৰ যুটীয়া অভিযান বাংলাদেশী কেইগৰাকী আটক হয়। মহানগৰীত প্ৰৱেশৰ সময়তে ধৰা পৰিল বাংলাদেশী নাগৰিককেইজন।

ধৃত তিনিজন বাংলাদেশৰ ছিলেট জিলাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ধৃত বাংলাদেশী নাগৰিককেইজনৰ নাম ক্ৰমে- আব্দুল কায়ুম, আজিম আলী, সজ্জিল মিঞা।
আটকাধীনক কেইজনৰ পৰা বহু বাংলাদেশী নথিপত্র জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ভুৱা পাছপ’ৰ্ট, আধাৰ কাৰ্ড লৈ অসমত সোমাইছিল তিনিও। ইয়াৰ পূৰ্বে কাশ্মীৰত কৰ্মৰত আছিল তিনিওজন।জানিব পৰা মতে, তিনিওজনে ইয়াৰ পূৰ্বে কাশ্মীৰত বিগত ছয় মাহ ধৰি কাম কৰিছিল।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।