Local, Vocal, Global

মুকলি আকাশৰ তলত নীলিম মহন্ত, আদালতে মঞ্জুৰ কৰিলে জামিন

নিউজ ডেস্ক,২৯ মাৰ্চঃ আদালতে আজি চিত্ৰশিল্পী নীলিম মহন্তৰ জামিন আবেদন মঞ্জুৰ কৰে। অৰুণাচলৰ এখন দেৱালত ‘ন’ ম’ৰ ডেম’ বুলি লিখাৰ অভিযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসমৰ চিত্ৰশিল্পী নীলিম মহন্তই অৱশেষত জামিন লাভ কৰে।
উল্লেখযোগ্য যে, এখন দেৱালত নদী বান্ধৰ বিৰোধিতাৰ চিত্ৰ অংকন কৰাৰ অভিযোগত লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অসমৰ যুৱ চিত্ৰ শিল্পী গৰাকীক।

নীলিম মহন্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে চিত্ৰ শিল্পী গৰাকীক শীঘ্ৰে মুক্তি দিয়াৰ দাবীৰে অসমত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। তদুপৰি মঙলবাৰে কণ্ঠশিল্পী জুবিন গাৰ্গে চিত্ৰশিল্পী নিলীম মহন্তক সোনকালে মুক্তি দিয়াৰ দাবী জনায়।
অৱশেষত সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেঁওক জামিন দিয়া হয়।