Local, Vocal, Global

১ এপ্ৰিলৰ পৰা ৮০০ বিধ ঔষধত ১০.০৮% কৈ বৃদ্ধি পাব দাম

নিউজ ডেস্ক,২৯ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ঔষধৰ দাম। ক’ভিডৰ পিছৰে পৰা ঔষধৰ দাম বৃদ্ধিৰ দাবী কৰি আহিছিল ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে।

এইবাৰ সেই দাবী মানি একাংশ ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধিৰ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে।

পেৰাছিটামল ৬৫০ৰ ১৫টা টেবলেটৰ দাম বৰ্তমান ৩০.৯১ টকা। ১০ শতাংশৰ অধিক দাম বৃদ্ধি হ’লে এই ঔষধৰ পাত্তাৰ দাম হ’বগৈ ৩৪ টকা।

একেদৰে এণ্টিবায়টিকৰ দামো বৃদ্ধি পাব। এইক্ষেত্ৰত ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক সেউজ সংকেত দিয়া হৈছে বুলি জনা গৈছে। ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব ঔষধৰ দাম।

পেৰাচিটামলৰ পৰা আৰম্ভ কৰি হাই ব্লাড প্ৰেছাৰ, চৰ্মৰোগ আদি ঔষধৰো দাম বৃদ্ধি পাব। মুঠ ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব বুলি জনা গৈছে।