Local, Vocal, Global

চতুৰ্থদশ গঁড় গণনাৰ অন্তত কাজিৰঙাত বৃদ্ধি পালে ২০০ এশিঙীয়া গড়

নিউজ ডেস্ক,২৯ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪সংখ্যক গঁড় পিয়ল ২০২২ৰ ফলাফল ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা বৰ্তমান ২৬১৩টা। পূৰ্বে ২০১৮ চনত আছিল ২৪১৩টা।

ইয়াৰে, প্ৰাপ্তবয়স্ক মতা গঁড় ৭৫০ টা, মাইকী গঁড়ৰ সংখ্যা ৯০৩ টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১৭০ টা । ইয়াৰ বিপৰীতে অপ্ৰাপ্তবয়স্ক মতা গঁড় ১১৬ টা, মাইকী গঁড়ৰ সংখ্যা ১৪৬ টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১০৩ টা ।

আনহাতে, ১ ৰ পৰা ৩ বছৰ বয়সৰ গঁড়ৰ সংখ্যা ২৭৯ টা আৰু পোৱালি গঁড়ৰ সংখ্যা ১৪৬ টা পোৱা গল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ ৰ পৰা ২৮ মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল গঁড় পিয়ল গণনা ৷