Local, Vocal, Global

.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে কৰ’নাৰ প্ৰথমটো টিকা

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাৰ প্ৰথমটো টিকাকৰণ গ্ৰহণ কৰে। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত কৰ’না ভাইৰাছৰ প্ৰথমটো টিকা লয় মোদীয়ে। টিকাকৰণৰ মুহূর্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু বিজ্ঞানীসকলক কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা বিশ্বব্যাপী যুঁজৰ বাবে ধন্যবাদ জনায়, আৰু ভাৰতবাসীক একেলগে ভাৰতখনক ক’ভিডমুক্ত কৰিবলৈ আহ্বান জনাইছে। টিকাকৰণৰ মুহূর্তৰ এখন ফটো টুইটাৰযোগে প্ৰকাশ কৰে মোদীয়ে। পুৱা এইমছলৈ টিকাকৰণৰ বাবে যোৱা মুহূর্তত মোদীৰ কান্ধত দেখা পোৱা যায় এখন অসমীয়া গামোচা।

১ মার্চৰ পৰা ভাৰতৰ ৮খন ৰাজ্যত যিকোনো সময়তে আৰু যিকোনো স্থানতে টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি কৰা হ’ব।