Local, Vocal, Global

জাগীৰোডত প্ৰায় ৩ কোটিৰ হেৰইন জব্দ, আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ জাগীৰোড আৰক্ষীৰ বৃহৎ সফলতা। ইয়াৰ সমান্তৰালভাৱে জাগীৰোড আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

এই অভিযানত প্ৰায় তিনি কোটি টকাৰ মূল্যৰ হেৰইন জব্দ কৰে। লগতে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইন, চহিদুল ইছলাম আৰু চাদ্দাম হুছেইন।

AS 02AF 2319 নম্বৰৰ মটৰ চাইকেলেৰে নগাঁৱৰ কচুৱাৰ পৰা জাগীৰোডলৈ সৰবৰাহ কৰি লৈ আহিছিল হেৰইনখিনি। জব্দকৃত হেৰইনখিনিৰ বজাৰমূল্য প্ৰায় ৩ কোটি টকা।