Local, Vocal, Global

যোৰহাটত ৰহস্যজনক মহিলাৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,৩ এপ্ৰিলঃ দেওবাৰে যোৰহাটত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ । মৃত মহিলাগৰাকী টিয়ক চেলেনঘাট হালুৱা গাঁৱৰ ছোনিয়া ভূমিজ বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহটো জিলাখনৰ টিয়ক চহৰৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে। খবৰ অনুসৰি, মহিলাগৰাকীৰ শৰীৰৰ ডিঙিত আঘাতৰ চিহ্ন পোৱা গৈছে।

খবৰ অনুসৰি, স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰপিছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্থানীয় লোকসকলৰ মতে, মহিলাগৰাকীৰ মৃত্যু আৰ্থিক সমস্যাৰ বাবে হয়। পৰিয়ালৰ লোকৰ মতে, মহিলাগৰাকী শনিবাৰে বেংকলৈ গৈছিল।

ইয়াৰপিছতেই মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, শনিবাৰে নিশা ৰাতিৰ আহাৰৰ পিছত ফোনত কথা পাতি ঘৰৰ পৰা ওলাই গৈছিল মহিলাগৰাকী।