Local, Vocal, Global

আকৌ ভয়ংকৰ ৰূপত ক’ভিড, ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ আকৌ বিশ্বত ক’ভিডৰ আতংক। বিশ্বত পুনৰ ধৰা পৰিছে ক’ভিডৰ শক্তিশালী ভেৰিয়েণ্ট। নতুন ভেৰিয়েণ্টক লৈ WHO-য়ে সতৰ্কবাণী জাৰি কৰিছে।

ক’ভিডৰ এই নতুন ভেৰিয়েণ্টক XE বুলি নামাকৰণ কৰা হৈছে। এই ভেৰিয়েণ্টত ইংলেণ্ডত প্ৰায় ৬০০ত কৈয়ো অধিক লোক আক্ৰান্ত হৈছে।

ঠিক একেদৰে চীনতো ক’ৰণাৰ প্ৰকোপ কিছু কমিলেও পুনৰ বৃদ্ধি পাইছে ক’ৰণাৰ ত্ৰাস। ৰবিবাৰৰ দিনটোত চীনত ১৩,১৪৬ গৰাকীকৈ আক্ৰান্ত হয় ক’ভিডত।

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনোৱা অনুসৰি ১,৪৫৫ জনৰ দেহত কোৰোনাৰ লক্ষণ দেখা গৈছিল আৰু ১১,৬৯১ গৰাকীৰ দেহত কোনো লক্ষ্যণ নাছিল।অৱশ্যে এই পৰ্যন্ত কাৰো মৃত্যু হোৱা নাই।

চীনৰ মন্ত্ৰীয়ে কয় যে বৰ্তমান চীনৰ অৱস্থা অত্যন্ত বেয়া যাৰ বাবে ২৫ মিলিয়ন লোকক ঘৰত থকাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ সহায়ত চীনে সংক্ৰমণৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে।