Local, Vocal, Global

NDA-India at the front line again:১০ জুলাইত সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

নিউজ ডেস্ক,৭ জুলাইঃ লোকসভা নিৰ্বাচনৰ পাছত এইবাৰ কেইবাখনো ৰাজ্যৰ বিধানসভা আসনৰ উপ নিৰ্বাচনত মুখামুখি ৰণত অৱতীৰ্ণ হ’ব এন ডি এ আৰু ইণ্ডিয়া।নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ১০জুলাইত ৭খন ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।এই নিৰ্বাচনে হ’ব শাষক বিৰোধী উভয় মৰ্চাৰ বাবে অগ্নিপৰীক্ষা।লোকসভা নিৰ্বাচনৰ প্ৰচাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ”অব্ কী বাৰ ৪০০ পাৰ”বুলি এন ডি এক ৪০০ খন আসনতে বিজয়ী কৰাবলৈ দেশবাসীক আহ্বান জনাইছিল(During the Lok Sabha election campaign, The Country’s Prime Minister Narendra Modi called upon the people of the country to win 400 seats in the NDA by saying “Ab Ki Baar 400 Paar”)যদিও নিৰ্বাচনৰ ফলাফলত এই আহ্বানে বিশেষ প্ৰভাৱ পেলাব নোৱাৰাটো প্ৰমাণ হোৱাৰ বিপৰীতে বিজেপি তথা শাসকীয় পক্ষক এক প্ৰকাৰ আশ্চৰ্যন্বিত কৰি লোকসভা নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সমৰ্থ হ’ল বিৰোধী মৰ্চা ইণ্ডিয়াই।

ফলত নিৰংকুশ সংখ্যাগৰিষ্ঠাতাৰে সহযোগী দলক লৈ চৰকাৰ গঠনৰ সপোন দেখা বিজেপিয়ে নতুন সহযোগী টি ডি পি আৰু জে ডি ইউ ৰ সহযোগতহে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন যোগাৰ কৰিবলৈ সমৰ্থ হয়।লোকসভা নিৰ্বাচনৰ ফলাফলত উৎসাহিত হৈয়ে ৭ খন ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনত ভাল ফল লাভৰ আশাৰে যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছসহ বিৰোধী দলসমূহ।(Buoyed by the results of the Lok Sabha elections, opposition parties, including the Congress, are all set to fight the upcoming by-elections in seven states with the hope of getting good results).

আনহাতে এই উপ নিৰ্বাচনতে হেৰুওৱা আস্থা ঘূৰাই আনিবলৈ তৎপৰ হৈছে বিজেপি।১০ জুলাইত পশ্চিমবংগৰ তিনিটা,উত্তৰাখণ্ডৰ দুটা,হিমাচল প্ৰদেশৰ তিনিটা,আৰু বিহাৰ,তামিলনাডু,মধ্যপ্ৰদেশ,পঞ্জাৱৰ এটাকৈ বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ’ব। বিধায়কৰ মৃত্যু অথবা পদত্যাগ বাবে এই কেইখন আসনতউপ নিৰ্বাচন পতাটো প্ৰয়োজনীয় হৈ পৰিছিল।আটাইকেইখন আসনৰে ১৩ জুলাই কৰা হ’ব ভোটগণনা।

লগতে পঢ়কঃ NEET-UG counselling postponed indefinitely:অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল NEET-UG ৰ কাউন্সেলিং প্ৰক্ৰিয়া