Local, Vocal, Global

NDA alliances meeting : মুম্বাইত NDA মহাজোঁটৰো বৈঠক,দুদিনীয়াকৈ শাসকীয় দল ‘মহাজোঁট’ৰ বৈঠক

নেশ্যনেল ডেস্ক,৩১আগষ্ট : আজিৰে পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিৰোধী মিত্ৰজোঁট ‘I.N.DI.A’ৰ গুৰুত্বপূৰ্ণ বৈঠক। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই বৈঠক । বৰ্তমান ৰাজনৈতিক মহলৰ দৃষ্টি এই বৈঠকৰ ওপৰত । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুকেইটা দিশত এই বৈঠক হ’ব গুৰুত্বপূৰ্ণ (NDA alliances meeting) । এই বৈঠকত I.N.D.I.A মিত্ৰতাৰ ল’গ’ উন্মোচন, সমন্বয় সমিতি গঠন, আহ্বায়ক নিযুক্তি, সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় সমষ্টিবাসীৰ মাজত সম্ভাৱ্য আসন ভাগ-বতৰা সূত্ৰৰ ওপৰত আলোচনা, সাধাৰণ নিৰ্বাচনৰ কৌশল আৰু আন কেইবাটাও বিৰোধী I.N.D.I.A মিত্ৰজোঁটৰ কাৰ্যসূচী আছে এই বৈঠকত(I.N.D.I.A Alliance Mumbai Meeting)।

মুম্বাইত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰায় ২৮ টা বিৰোধী দলৰ ৬৩ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ মুম্বাইৰ ভাকোলাস্থিত হোটেল গ্ৰেণ্ড হায়াতত অনুষ্ঠিত হয় এই বৈঠক ।

৩১ আগষ্টৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইত আৰম্ভ হৈছে বিৰোধী মিত্ৰজোঁট ‘INDIA’ৰ বৈঠক ।

কিন্তু ইয়াৰ সমান্তৰালক শাসকীয় দলৰ মিত্ৰজোঁট ‘মহাজোঁটে’ও মুম্বাইত আয়োজন কৰিছে বৈঠকৰ । জানিব পৰা মতে, বিজেপি, শিৱসেনা (একনাথ সিন্দে), এনচিপি আৰু আন সকলো সহযোগী দলৰ নেতৃত্বত গঠিত ‘মহাজোঁটে’ দুদিনীয়া বৈঠক অনুষ্ঠিত কৰিছে ।৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত শাসকীয় দলৰ মিত্ৰজোঁট ‘মহাজোঁটে’ও আয়েজন কৰিছে বৈঠকৰ( NDA alliances to hold parallel meetings in Mumbai) ।

বিৰোধী মিত্ৰজোঁট ‘I.N.D.I.A’ৰ এই বৈঠকৰ মাজতে একেখন চহৰত শাসকীয় এনডিএ গোটেও বৈঠক অনুষ্ঠিত কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে এনচিপিৰ অজিত পাৱাৰ গোটৰ নেতা সুনীল তাটকাৰে কয় যে মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰৰ লগতে অন্যান্য মন্ত্ৰী আৰু বিশিষ্ট নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব । তাটকাৰেয়ে কোৱা মতে ৪৮ টা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ সম্ভাৱনা পৰ্যালোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত হ’ব ।

জানিব পৰা মতে, মুম্বাইৰ গ্ৰেণ্ড হায়াত হোটেলত বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ২৮ টা বিজেপি বিৰোধী দলৰ গোট ‘INDIA’ মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হ’ব ।

শাসকীয় দলৰ মিত্ৰজোঁট ‘মহাজোঁটে’ও মুম্বাইত আয়োজন কৰা বৈঠকক লৈ শিৱসেনা সিন্দে-বিজেপি-এনচিপি মিত্ৰজোঁটে কয় যে, বৈঠকখনৰ আন বৈঠকৰ সৈতে কোনো সম্পৰ্ক নাই । ই এক পূৰ্ব পৰিকল্পিত বৈঠক । এই বৈঠকৰ বাবে পৰিকল্পনা যোৱা এমাহ ধৰি চলি আছিল । লগতে তেওঁ কয় যে, ৩১ আগষ্টৰ দিনটো সকলো মিত্ৰজোঁটৰ নেতাৰ বাবে সুবিধাজনক বাবে এই দিনটো বাছনি কৰা হৈছে । এই বৈঠকখনত ৰাজ্যখনৰ ৪৮ টা লোকসভা সমষ্টিৰ ওপৰত পৰ্যালোচনা কৰা হ’ব ।

লগতে পঢ়ক :I.N.D.I.A Alliance Mumbai Meeting : আজিৰে পৰা মুম্বাইত I.N.D.I.A মিত্ৰজোঁটৰ তৃতীয় বৈঠক