Local, Vocal, Global

NCP vs NCP : শাৰদ পাৱাৰক সমালোচনা কৰি অজিতে কলে, মই মুখ্যমন্ত্ৰী হ’ব বিচাৰো

নেশ্যনেল ডেস্ক, ৬ জুলাই : নিজৰ খুৰাক শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা মহাৰাষ্ট্ৰৰ নৱনিযুক্ত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে বুধবাৰে ৰাজ্যবাসীৰ কল্যাণৰ বাবে কিছুমান পৰিকল্পনা কাৰ্যকৰী কৰিবলৈকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব বিচৰা বুলি কৰিলে উল্লেখ (Newly appointed Maharashtra Deputy Chief Minister Ajit Pawar)।

মুম্বাইৰ উপনগৰ বান্দ্ৰাস্থিত মুম্বাই এডুকেচনেল ট্ৰাষ্ট (Mumbai Educational Trust in suburban Bandra)ত আয়োজিত এখন বৈঠকত নিজৰ ফৈদৰ সমৰ্থকসকলক সম্বোধন কৰি অজিত পাৱাৰে কয় যে, “জনসাধাৰণৰ কল্যাণৰ বাবে মোৰ কিছুমান পৰিকল্পনা আছে আৰু ইয়াক ৰূপায়ণ কৰিবলৈকে মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰো।” লগতে তেওঁ শৰাদ পাৱাৰৰ পৰাও আশীৰ্বাদ বিচাৰিলে (NCP vs NCP) ।

তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ চুপ্ৰিম’ শৰদ পাৱাৰকো সমালোচনা কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে ৭৫ বছৰ বয়সত অৱসৰ লয় (Ajit Pawar dig NCP supremo Sharad Pawar)।

“আপুনি মোক সকলোৰে সন্মুখত খলনায়ক হিচাপে চিত্ৰিত কৰিছিল । তেওঁৰ (শাৰদ পাৱাৰ)ৰ প্ৰতি মোৰ এতিয়াও গভীৰ শ্ৰদ্ধা আছে । কিন্তু আপুনি মোক কওক, আই এ এছ বিষয়াসকলে ৬০ বছৰ বয়সত অৱসৰ লয় (IAS officers retire at 60) । ৰাজনীতিতো – বিজেপিৰ নেতাসকলে ৭৫ বছৰ বয়সত অৱসৰ লয় (BJP leaders retire at 75) । আপুনি এল.কে. আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ উদাহৰণ ল’ব পাৰে, যিসকলে নতুন প্ৰজন্মক আগবাঢ়ি যোৱাৰ সুযোগ দিয়ে । অলপতে তেওঁ যশৱন্তৰাও শাৱন স্মাৰকলৈ গৈছিল, মইও তাত উপস্থিত আছিলো, কিন্তু এতিয়া আপোনাৰ বয়স ৮৩ বছৰ, আপুনি ৰৈ দিব নোৱাৰে নেকি? আমাক আপোনাৰ আশীৰ্বাদ দিয়ক আৰু আমি প্ৰাৰ্থনা কৰিম যে আপুনি দীৰ্ঘ জীৱন যাপন কৰক ।”

নিলম্বিত এন চি পিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেল আৰু অজিত পাৱাৰক সমৰ্থন কৰাৰ অপৰাধত নিলম্বন হোৱা এন চি পিৰ সাধাৰণ সম্পাদক সুনীল তাটকাৰেও অজিত পাৱাৰৰ লগত মঞ্চত উপস্থিত থাকে । চৰকাৰত যোগদান কৰাৰ সিদ্ধান্তত অজিত পাৱাৰক সমৰ্থন কৰা ছগন ভুজবালেও সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে । মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভুজবালে এন চি পিৰ ৪০ জন বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰে।

অজিত পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ কৰিশ্মাৰ বাবেই ২০১৪ চনত কেন্দ্ৰত বিজেপি ক্ষমতালৈ আহিছিল (Ajit Pawar praised Prime Minister Narendra Modi) । তেওঁ আৰু কয় যে এনচিপিয়ে ২০২৪ চনৰ লোকসভা (Lok Sabha elections) আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন (Maharashtra Assembly elections)ত শিৱসেনা (একনাথ চিন্দে গোট) আৰু বিজেপিৰ সৈতে একেলগে প্ৰতিদ্বন্দিতা কৰিব ।

নাম উল্লেখ নকৰাকৈয়ে অজিত পাৱাৰে এন চি পিৰ বিৰোধী দলপতি জিতেন্দ্ৰ আৱহাদক আক্ৰমণ কৰি কলে, তেওঁৰ বাবেই বহু দলীয় নেতাই দল ত্যাগ কৰিছে । অজিত পাৱাৰে কয় যে এন চি পি (শৰদ পাৱাৰ ফৈদত) যিজন ব্যক্তিৰ বাবেই মানুহে দল এৰিলে, তেওঁকে আগস্থান দি অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।

অজিত পাৱাৰে কলে, শীঘ্ৰেই তেওঁ সমগ্ৰ মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব আৰু তেওঁ কিয় এই সিদ্ধান্ত ললে সেয়া ৰাইজক জনাব ।

ইয়াৰ পূৰ্বে নেতাসকলে সভাস্থলীত এন চি পিৰ পতাকা উত্তোলন কৰে । তেওঁলোকৰ সমৰ্থকসকলক সম্বোধন কৰি ভুজবালে কয়, “তেওঁৰ সিদ্ধান্তত সকলোৱে আচৰিত হৈছিল । ৪০ জন বিধায়ক আমাৰ লগত আছে । আমি আইনৰ ভিতৰত থাকি কাম কৰিছো। শপত লোৱাৰ পূৰ্বে আমি সকলো যথাযথ কৰণীয়খিনি কৰিছো। আমি এনেই শপত লোৱা নাছিলো।” . অজিত পাৱাৰক সমৰ্থন কৰা বিপুল সংখ্যক সমৰ্থক সভাস্থলীত সমবেত হৈছিল ।

ভুজবালে লগতে জোৰ দি কয় যে, “যেনেকৈ আমি (অবিভক্ত) শিৱসেনাৰ সৈতে গৈছিলো, থিক একেদৰেই এতিয়া আমি বিজেপিৰ সৈতে মিত্ৰতা কৰিছো । আমি বিজেপি দলত যোগদান কৰা নাই। আমাৰ মতাদৰ্শ অক্ষত অৱস্থাতে থাকিব।” লগতে অজিত পাৱাৰ ফৈদৰ বাবে তেওঁ শাৰদ পাৱাৰৰ আশীৰ্বাদ বিচাৰিলে ।

ভুজবালে কৌতুকৰ সুৰত ক’লে, “চিন্তাৰ কোনো প্ৰয়োজন নাই।” সভাখনত ৰামৰাজে নায়েক নিম্বালকাৰ আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী দিলীপ ৱালছে পাটিলও উপস্থিত আছিল। তাৰোপৰি এন চি পিৰ নেত্ৰী ৰূপালী চকনকাৰেও ভাষণ প্ৰদান কৰে । এক বৃহৎ ৰাজনৈতিক পৰিঘটনাৰ মাজেৰে এন চি পিৰ চুপ্ৰিম’ শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনা-বিজেপি শাসিত চৰকাৰখনত যোগদান কৰে । লগতে সৰ্বাধিক এনচিপি বিধায়কৰ সমৰ্থন দাবী কৰা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত এনচিপিৰ বিধায়ক আছে ৫৩ জন ।

লগতে পঢ়ক: NCP factional war: প্ৰতিদ্বন্দ্বী দুয়োটা গোটে শক্তি প্ৰদৰ্শনৰ বাবে সমান্তৰালকৈ বৈঠক অনুষ্ঠিত কৰাৰ লগে লগে গভীৰ সংকটত এনচিপি