Local, Vocal, Global

ভাৰতীয় ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ (NCP) মুৰব্বী শৰদ পাৱাৰক মৃত্যুৰ ভাবুকি

নেচনেল ডেস্কঃ ভাৰতীয় ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ (NCP) মুৰব্বী শৰদ পাৱাৰক মৃত্যুৰ ভাবুকিৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । তথ্য অনুসৰি, এনচিপিৰ মুৰব্বী গৰাকীক ফোন কৰি হত্যাৰ ভাবুকি দিয়া হৈছে, যাৰ বিষয়ে ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে। ফোন কৰা ব্যক্তিগৰাকীয়ে শৰদ পাৱাৰৰ ঘৰটোক ‘চিলভাৰ অক’ বুলি কৈ তেওঁক হত্যাৰ ভাবুকি দিয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফোন কৰা ব্যক্তিজনে হিন্দী ভাষাত কথা পাতিছিল আৰু কৈছিল যে তেওঁ মুম্বাইলৈ আহি দেশীয় পিষ্টলেৰে পাৱাৰক হত্যা কৰিব। ঘটনাটোৰ পিছত, ওচৰৰ গামদেৱী আৰক্ষী থানাত অচিনাক্ত ব্যক্তি জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ফোন কৰি হত্যাৰ ভাবুকি দিয়া ব্যক্তিজনক চিনাক্ত কৰা হৈছে। হত্যাৰ ধমকিভৰা ফোনটো বিহাৰৰ পৰা কৰা হৈছিল। ফোনকৰা ব্যক্তিজনে পূৰ্বেও এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক ভাবুকি দিছিল। পূৰ্বে ব্যক্তি গৰাকীক আৰক্ষীয়ে আটক কৰিছিল, তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ জেলৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হয়৷ একেগৰাকী ব্যক্তিয়ে পাৱাৰক পুনৰ ভাবুকি দিয়াৰ পিছত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। উল্লেখযোগ্য যে শৰদ পাৱাৰে সোমবাৰে তেওঁৰ জন্মদিন উদযাপন কৰিছিল। জন্মদিন পালনৰ পাছতেই তেওঁক হত্যাৰ ভাবুকি দিয়া ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷