চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে স্বীকৃতি দিয়াৰ দাবী

নিউজ ডেস্কঃ অসমৰ চাহ সমগ্ৰ বিশ্বতে জনপ্ৰিয়৷ অসমৰ চাহক পনীয়া সোণ বুলিও কোৱা হয়৷ চাহ উদ্যোগে অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এক অৰ্থত চাহৰ বাবেই অসমক বিশ্বই চিনে বুলিলেও বোধকৰোঁ অত্যুক্তি কৰা ন’হব৷ এই চাহক এতিয়া ৰাষ্ট্ৰীয় পানীয় হিচাপে স্বিকৃতি দিয়াৰ দাবী জনালে ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা ৰাজ্যসভা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই৷ সাংসদ মাৰ্ঘেৰিটাৰ এই দাবী যদি কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাই তেন্তে অসমৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৌৰৱৰ বিষয়৷ কিয়নো প্ৰত্যেক গৰাকী ভাৰতীয়ৰে দিনটোৰ আৰম্ভণি চাহৰ পিয়লাত চুমুক দিয়েই হয়৷ চাহৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰো আছে পুৰণি সম্পৰ্ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্যাৱস্থাত ৰেল ষ্টেচনত চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল বুলি বহুবাৰ তেখেতে নিজেই বহুবাৰ ৰাজহুৱা মঞ্চত উল্লেখ কৰিছে৷ অসম তথা উত্তৰ পূৰ্ৱাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া প্রধানমন্ত্ৰীয়ে যদি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী মানি লৈ অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয়ৰ মৰ্য্যদাৰে বিভূষিত কৰে তেন্তে এয়া অসমৰ বাবে হ’ব পৰম গৌৰৱৰ বিষয়৷ আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি শাসনাধিষ্ঠিত ভাজপা দলে চাহক ৰাষ্ট্ৰীয় পানীয়ৰ মৰ্য্যদা দিয়ে তেন্তে দলটোৱে ইয়াৰ ৰাজনৈতিক মুনাফাও লাভ কৰিব পাৰিব