Local, Vocal, Global

শিক্ষকৰ অবৈধ নিযুক্তি কেলেংকাৰীৰ পিছত এইবাৰ পুনৰ চৰ্চাত নাজিৰা শিক্ষাখণ্ড

নিউজ ডেস্ক, ১১ জুন : শিক্ষকৰ অবৈধ নিযুক্তি কেলেংকাৰী মাৰ নৌ যাওতেই এইবাৰ পোহৰলৈ আহিছে অন্য এক তথ্য। বছৰ বছৰ ধৰি আজিও নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়ৰ শিক্ষক বেতন আৰু পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে।

নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ নবাৰীধাপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গৰাকী বেতনৰ পৰা বঞ্চিত হোৱাৰ উপৰিও প্ৰয়াত প্ৰতিষ্ঠাপক প্ৰধানশিক্ষক গৰাকীৰ পৰিয়ালে আজি পৰ্যন্ত লাভ নকৰিলে কোনোধৰণৰ পেঞ্চন।

ইয়াৰ উপৰিও নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ কেইবাখনো চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক আজিও বেতনৰ পৰা বঞ্চিত হৈ থকাৰ ফলত পৰিয়ালৰ ভৰণ-পোষণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। তাৰ লগতে ক্ষোভিত হৈ পৰিছে এইসকল শিক্ষক।

https://fb.watch/dAbiuFu5LA/