Local, Vocal, Global

নুমলীগড়ত শোকাবহ ঘটনা

নিউজ ডেস্ক, ১১ জুন : ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাট। শুকুৰবাৰে নিশা নুমলীগড়ৰ ২ নং বুঢ়াগোহাঁইখাটত শোকাবহ ঘটনা সংঘটিত হৈছে।

বন্যহস্তীৰ আক্ৰমণত মিনু গড় নামৰ এগৰাকীৰ মহিলাৰ মৃত্যু হয় লগতে আহত হয় মিনু গড়ৰ পুত্ৰ বিজয় গড়।

উল্লেখযোগ্য যে, নিশা শুই থকা অবস্থাতে এটা হাতীৰ জাকে পৰিয়ালটোক অক্ৰমণ কৰিছিল আৰু হাতীৰ আক্ৰমণত পৰিয়ালটোৰ বাসগৃহৰ ধ্বংস হয় ।