Local, Vocal, Global

গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা নয়নৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২২ আগষ্ট : দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়ন ব্ৰহ্মৰ মৃতদেহ সোমবাৰে পুৱা অসমৰ কামৰূপ জিলাৰ পানীখাইতিত ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ কৰে।

য’ৰ পৰা তেওঁ সন্ধানহীন আছিল সেই ঠাইৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

অঞ্চলটোৰ স্থানীয় লোকে আজি ৰাতিপুৱা মৃতদেহটো পানীত ওপঙি থকা দেখিছিল। আৰু তেওঁলোকে পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক সেই বিষয়ে অৱগত কৰিছিল।

নয়ন গুৱাহাটীৰ স্বহিদ কুশল কোঁৱৰ উচ্চ বিদ্যালয়ৰ ছাত্ৰ আছিল।