জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত গ্ৰেনেড বিস্ফোৰণত আহত কেইবাজনো নাগৰিক
নিউজ ডেস্ক, ২২ আগষ্ট : দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ দ্বাৰা হোৱা গ্ৰেনেড বিস্ফোৰণত কেইবাজনো নাগৰিক আহত হয়।
শ্ৰীনগৰ আৰক্ষীয়ে জনোৱা অনুসৰি, নিশাত (Nishat) অঞ্চলত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত কম তীব্ৰতাৰ বিস্ফোৰণটো সংঘটিত হৈছিল । য’ত কেইবাজনো লোকে সামান্য আঘাত পাইছিল।
আটাইকেইজন আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।
আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সন্ত্ৰাসবাদীসকলক ধৰিবলৈ তালাচী অভিযান অব্যাহত ৰাখিছে ।
ইফালে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে দেওবাৰে পুলৱামা জিলাত প্ৰায় ১০-১২ কিলোগ্ৰাম ওজনৰ এটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি ( improvised explosive device , IED) উদ্ধাৰ কৰি এটা ডাঙৰ সন্ত্ৰাসবাদী ঘটনা প্ৰতিহত কৰে। দক্ষিণ কাশ্মীৰ জিলাৰ ট্ৰালৰ বেইহগুণ্ড অঞ্চলত সুৰক্ষা বাহিনীয়ে আইইডি উদ্ধাৰ কৰিছিল।