Local, Vocal, Global

দুষ্ট চক্ৰৰ জালত ভৰি দি সৰ্বস্বান্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক

নিউজ ডেস্ক, ২২ আগষ্ট : এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত ধনদাবী দুষ্ট চক্ৰৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ VCৰ নামত ভুৱা ৱাটছএপ নম্বৰেৰে ধনদাবী দুষ্ট চক্ৰৰ। দুষ্ট চক্ৰৰ জালত ভৰি দি সৰ্বস্বান্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক।

উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ ফটো ব্যৱহাৰ কৰি 77229-91836 নম্বৰৰ পৰা প্ৰেৰণ কৰিছিল মেছেজ ।

কৌশলেৰে অধ্যাপকৰ পৰা ধন লুট কৰিলে প্ৰৱঞ্চক চক্ৰই। অধ্যাপকজনৰ পৰা প্ৰৱঞ্চক চক্ৰটোৱে উপাচাৰ্যৰ নাম লৈ বিচাৰিছিল লক্ষাধিক টকাৰ এমাজনৰ কুপন।

ঘটনা সন্দৰ্ভত বৰ্তমান লতাশিল থানাত এজাহাৰ দাখিল কৰিছে। লগতে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাতো গোচৰ ৰুজু হৈছে।

দুষ্ট চক্ৰৰ কবলত নপৰিবলৈ সতৰ্কবাণী কৰিছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে।