Local, Vocal, Global

প্ৰাকৃতিক দুৰ্যোগত লোকচানৰ ক্ষেত্ৰত ভাৰত ৩য় স্থানত

নতুন দিল্লী, ১৪ অক্টোবৰ : বিগত ২০ বছৰত প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰে ভাৰতে বিশ্বৰ দেশসমূহৰ ভিতৰত ৩য় স্থান দখল কৰিছে। অৰ্থনৈতিক আৰু মানৱ – সম্পদৰ ক্ষয়-ক্ষতিৰ লেখেৰে ভাৰতে চীন আৰু যুক্তৰাষ্ট্ৰৰ পিছতে স্থান দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ Disaster Risk Reduction সংগঠনৰ সমীক্ষাত প্ৰকাশ পোৱা মতে, প্ৰাকৃতিক দুৰ্যোগত বিগত ২০ বছৰত বিশ্বই প্ৰায় ৩Trillion ডলাৰ পৰিমাণৰ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা২০ বছৰত বিশ্বত বতৰৰ দুৰ্যোগ বানপানী, ধুমুহা, ভূস্খলন, উষ্ণ প্ৰবাহ, খৰাং আৰু বনজুইৰ ঘটনা মুঠ ৭৩৪৮ তা সংঘটিত হৈছে। ইয়াৰে ভিতৰত চীনত সৰ্বাধিক ৫৭৭ টা ঘটনা সংঘটিত হৈছে। আনহাতে যোৱা দুটা দশকত মুঠ ৪৬৭ টা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই ২য় স্থানত আছে। ভাৰতত উক্ত সময়ছোৱাত ৩২১ টা দুৰ্যোগ নথিভুক্ত হৈছে।এইক্ষেত্ৰত ৩০৪ টা আৰু ২৭৮ টা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াই ক্ৰমে ৪ৰ্থ আৰু ৫ম স্থান দখল কৰিছে।
ইয়াৰ উপৰি যোৱা দুটা দশকত বিশ্বত প্ৰাকৃতিক দুর্যোগত প্ৰতি বছৰে গড়ে প্রায় ৬০,০০০ কৈ মুঠ ১২ লাখ ৩০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।