কাজিৰঙাত গঁড় গণনা, তিনিদিনলৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ২৫ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ ১৪ সংখ্যক গঁড় গণনা ৰাষ্ট্ৰীয় উদ্যানত কৰা হ’ব৷
সেইমতে, উক্ত তিনিদিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় আৰু ব্যক্তিগত হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ থকাৰ বিপৰীতে উদ্যানৰ বিভিন্ন এলেকা জীপ ছাফাৰীৰ বাবে বন্ধ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৪৮ টা কম্পাৰ্টমেণ্টত গঁড় গণনা আৰম্ভ কৰিব। গড়ৰ গণনা সম্পন্ন কৰিবলৈ মুঠ ৬৩ জন বিশেষজ্ঞ কাজিৰঙাত উপস্থিত হৈছে।
খবৰ অনুসৰি, ৰাজ্যৰ বনবিভাগৰ বিষয়া, বিশেষজ্ঞ আৰু স্বেচ্চাসেৱকৰ এটা দলে গণনা কৰিব।
শেহতীয়াকৈ ২০১৮ বৰ্ষত কৰা গণনাত কাজিৰঙাত থকা গঁড়ৰ সংখ্যা আছিল ২৪১৩টা। ইয়াৰভিতৰত ৭৯৩টা মাইকী আৰু ৬৪২টা মতা গড়।