Local, Vocal, Global

ৰূপহীহাটত গৰুভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক,২৫ মাৰ্চঃ ৰাজ্যত এতিয়াও অব্যাহত আছে অবৈধ চোৰাং গৰুৰ সৰবৰাহ। বৃহস্পতিবাৰে নিশা চোৰাং গৰুৰ সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান।

ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গোপাল তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ এই অভিযানত এখন ট্ৰাকসহ প্ৰায় ২৭ টা গৰু জব্দ কৰে।

লগতে গাড়ীখনৰ চালকক আটক কৰে আৰু ধৃত গাড়ী চালকজনৰ নাম আবুল কালাম। গৰু সৰবৰাহকাৰী বাহনখনৰ নম্বৰ AS02AC8846।

ৰূপহীহাটৰ পৰা শ্বিলঙলৈ গৈ থকা অৱস্থাত জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন। জব্দকৃত গৰুকেইটা গৌশ্বালালৈ প্ৰেৰণ কৰা হৈছে।

ইফালে চালকজনক জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰিছে ৰূপহীহাট আৰক্ষীয়ে।