Local, Vocal, Global

WATCH | Nalbari News : নলবাৰী জিলাৰ বৰভাগত ভাৰতীয় জনতা পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নলবাৰী,২৮এপ্ৰিল : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

উল্লেখ্য যে, ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩/৯ নং বৰভাগ জিলা পৰিষদৰ সদস্য পদত অসম গণ পৰিষদৰ সমর্থিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্রার্থী গীতুমনি বৈশ্যই চলাইছে ব্যাপক প্ৰচাৰ(Nalbari News)।

আনহাতে, ৪৮ নং উপৰ বৰভাগ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য( কাউঞ্চিলাৰ ) পদৰ প্ৰাৰ্থী জয়ন্ত শৰ্মাইয়ো ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। আগন্তুক ৭ মে’ ২০২৫ ইং তাৰিখে অনুস্থিত হ’বলগীয়া নিৰ্বাচনত ভাৰতীয় জনতা পার্টি আৰু অসম গণ পৰিষদ মিত্রজোটৰ প্ৰাৰ্থী দুয়োগৰাকীক ৰাইজে আঁকোৱালি লৈ আশীৰ্বাদ কৰিব বুলিও আশাবাদী প্ৰাৰ্থী দুগৰাকী। ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থী দুগৰাকীয়ে।

লগতে পঢ়ক : WATCH | Sonari News : চৰাইদেউ জিলা বাচনি দবা প্ৰতিযোগিতা সম্পন্ন