Local, Vocal, Global

ৰাজ্য়ত বানৰ বিভীষিকা

নগাঁও জিলাৰ চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাৰ বৃহত্তৰ অঞ্চলত ক্ৰমশঃ অৱনতি ঘটিছে বান পৰিস্থিতি । বৰষুণৰ পৰিমাণ কমিলেও বিগত তিনি দিন ধৰি বাঢ়িয়ে আছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ । বৃহত্তৰ ২নং ভূৰবন্ধা অঞ্চলটোলৈ ব্ৰহ্মপুত্ৰৰ পাৰভাঙি সোমাই অহা বিশাল জলৰাশিয়ে প্লাৱিত কৰি তুলিছে বিস্তীৰ্ণ অঞ্চলটো, বুৰ গৈছে অঞ্চলবাসীৰ  ঘৰ-ভেঁটি, বিনষ্ট হৈছে বিঘাই বিঘাই খেতি-বাৰি । বানৰ কৱলত পৰি অঞ্চলটোৰ শতাধিক পৰিয়ালে যাৱতীয় বস্তু-বাহানি লৈ ঢাপলি মেলিছে সমীপৰে মূল মথাউৰিলৈ । পথৰ ওপৰত টুলুঙা নাৱেৰে বন্যাৰ্তয়ে কৰিছে যাতায়ত, অস্থায়ী শিবিৰ অথবা নাৱৰ ওপৰতে চৌকা পাতি ৰান্ধিব লগীয়া হৈছে ভাত । ইফালে ভুক্তভোগি বন্যাৰ্তয়ে ক্ষোভ উজাৰিছে ইমানৰ পিছতো বানাক্ৰান্ত গাওঁ খনত উপস্থিত হ’বলৈ অপাৰগতা দেখুওৱা স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে। বন্যাৰ্ত ৰাইজৰ গুৰুতৰ অভিযোগ , সময় থাকোতেই বৃহত্তৰ নৈপৰীয়া অঞ্চলটোত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’লে ব্ৰহ্মপুত্ৰৰ বুকুত গাঁৱৰ ওপৰত গাওঁ ওচন নহৈ বৰ্তমানৰ গাওঁ কেইখনো সুৰক্ষিত হৈ থাকিলে হেঁতেন। তাৰ বিপৰীতে কেৱল মাত্ৰ জনপ্ৰতিনিধিৰ অকৰ্মণ্যতাৰ বাবেই বাৰিষা আহিলেই প্ৰতিবছৰে বান গৰাখহনীয়াত হাবু-ডুবু খাব লগীয়া হয় চামগুৰি লাওঁখোৱাৰ নৈপৰীয়া অঞ্চলবাসীয়ে।