Watch | Nagarbera Tea Estate Labour Protest: পুনৰ প্ৰতিবাদত নামিছে গোৱালপাৰা জিলাৰ শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিক-মজদুৰ সকল
নগৰবেৰা: পুনৰ প্ৰতিবাদত নামিছে গোৱালপাৰা জিলাৰ শিমলীতোলা শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিক-মজদুৰ সকলে । মালিকপক্ষৰ শোষণ, স্বৈৰাচাৰিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বাগিচাৰ শ শ শ্ৰমিক মজদুৰ সকলে । মালিকপক্ষৰ বঞ্চনাৰ বাবেই বিগত প্ৰায় ৭ মাহ ধৰি অচলাৱস্থা অব্যাহত আছে বাগিছাখনত।
শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাৰ নিৰ্দেশত যোৱা ৬ জুনৰ পৰা শ্ৰমিক-মজদুৰ সকলে বাগিচাৰ কামত নিয়োজিত হৈছে যদিও শ্ৰমিক সকলক দৰমহা মজুৰি প্ৰদানৰ নামত নাভূত নাশ্ৰুত ঘটনা সংঘটিত কৰিছে বাগিচা কৰ্তৃপক্ষই। দৰমহা মজুৰিৰ নামত একাংশ শ্ৰমিকক এটকা, দুটকা প্ৰদান কৰি চৰমভাৱে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে বাগিচাৰ পৰিচালকে। তদুপৰি বাগিচাৰ কৰ্মচাৰী আৰু ২৫ জন শ্ৰমিকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰি আতংকৰ সৃষ্টি কৰিছে ।
অন্যহাতে প্ৰাপ্যৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি থকা শ্ৰমিকক কামৰ পৰা বিতাড়িত কৰি বহিঃৰাজ্যৰ পৰা শ্ৰমিক আনি বাগিচাৰ কাম কৰিব বুলি ঘোষণা কৰাত একপ্ৰকাৰ জ্বলা জুইত ঘিঁউ ঢালিছে পৰিচালক জিতু শইকীয়াই। বাগিচা পৰিচালক আৰু মালিকপক্ষৰ স্বৈৰাচাৰিতাৰ বাবেই বছৰ বছৰ ধৰি লাভৰ মুখ দেখা বৃটিছৰ দিনৰ বাগিচাখন আজি মৃত্যু মুখত পৰাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিক-মজদুৰ সকলে ।
মালিকপক্ষৰ এনে শোষণ বঞ্চনাৰ বিৰুদ্ধে বাগিচাৰ শ শ শ্ৰমিক মজদুৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মালিকপক্ষক সকীয়াই দিয়ে । শীঘ্ৰে বাগিচাৰ অচলাৱস্থা দূৰ কৰিবলৈ শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালৰ লগতে জিলা আয়ুক্তক দাবী জনাইছে শ্ৰমিক মজদুৰ সকলে।