Local, Vocal, Global

Nagaon student, who lost his life four days before, achieved an 88% in the HS exam : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এখন ঘৰত কান্দোনৰ ৰোল

নিউজ ডেস্ক,৯মে’ : আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । ৰাজ্যজুৰি পৰীক্ষাৰ ফলাফলক লৈ আনন্দ উল্লাহ । ৰাজ্যজুৰি আনন্দ উল্লাহৰ মাজতে এখন ঘৰত কান্দোনৰ ৰোল ।
পুত্ৰৰ ভাল ফলাফলৰ পিছতো পিতৃ মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে । চকু সেমেকি উঠিছে সকলোৰে । কাৰণ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ(Nagaon student, who lost his life four days before, achieved an 88% in the HS exam) ।

ঘটনা অনুসৰি, ৪দিন পূৰ্বে এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হৈছিল ৰমেন নামৰ যুৱকজনৰ । আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৫টা বিষয়ত লেটাৰসহ ৮৮ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হল ৰমেন। কিন্তু পৰীক্ষাৰ ৰিজাল্ট ল’বলৈ ৰমেন আজি নাই। পুত্ৰৰ ফলাফল লাভ কৰি কান্দোনত ভাঙি পৰিল পিতৃ-মাতৃ। পুত্ৰৰ ভাল ফলাফল পায়ো কান্দোনত ভাঙি পৰিছে নগাঁৱৰ কঠিয়াতলীৰ ৰমেন বিশ্বাসৰ পিতৃ-মাতৃ৷ কাৰণ ফলাফল জানিবলৈ, ফলাফল পাই আনন্দ কৰিবলৈ পুত্ৰ ৰমেন বিশ্বাস আৰু নাই।

আজি পুত্ৰৰ ফলাফল অহাত কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ(Nagaon student, who lost his life four days before, achieved an 88% in the HS exam)।

লগতে পঢ়ক : Massive discrepancies unfolded in school buses : মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি