Local, Vocal, Global

Student commits suicide : হোষ্টেলৰ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

ডিব্ৰুগড়,৯মে’ : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়।এইবাৰ পুনৰ ছাত্ৰীৰ আত্মহত্যা (Student commits suicide)।

ডিব্ৰুগড় সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। ডিব্ৰুগড়ৰ দীয়ামনী ইয়েন নামৰ এগৰাকী ছাত্ৰীয়ে বাছি ল’লে আত্মহত্যাৰ দৰে চৰম পথ। ছাত্ৰীজনৰ আত্মহত্যাৰ পিছতে সৃষ্টি হয় অঞ্চলজুৰি চাঞ্চল্যৰ। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিল দীয়ামনী ইয়েন নামৰ ছাত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঞি চিটি মহাবিদ্যালয়ত কলা শাখাৰ ছাত্ৰী আছিল দীয়ামনী ইয়েন।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী তাৰ পিছতে ডিব্ৰুগড় চিটি মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক : Nagaon student, who lost his life four days before, achieved an 88% in the HS exam : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এখন ঘৰত কান্দোনৰ ৰো