Local, Vocal, Global

Nagaon SP is taking action against the transport constable : ই-ৰিক্সা চালকক ৰাজহুৱাকৈ প্ৰহাৰ কৰা যান বাহন আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

নিউজ ডেস্ক, ১০ এপ্ৰিল : আৰক্ষী জোৱানৰ ৰিজাৰ্ভ ক্ল’জ । ই-ৰিক্সা চালকক ৰাজহুৱাকৈ প্ৰহাৰ কৰা যান বাহন আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ।

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়াই প্ৰায় ৬ বজাত নগাঁৱৰ বিশাল মেগামাৰ্টৰ সন্মুখত এগৰাকী ই-ৰিক্সা চালকক প্ৰহাৰ কৰিছিল জিতুমণি হাজৰিকা নামৰ এজন যান-বাহন আৰক্ষীয়ে। সাধাৰণ এটি ভুলৰ বাবেই আৰক্ষীৰ জোৱান গৰাকীয়ে ই-ৰিক্সা চালক গৰাকীৰ গালত প্ৰচণ্ড চৰ সোধাইছিল। আনকি নিজৰ ভুলৰ বাবে আৰক্ষীৰ জোৱান গৰাকীৰ ভৰিত ধৰি ক্ষমাও বিচাৰিছিল ই-ৰিক্সা চালক গৰাকীয়ে। পিছে যানবাহন আৰক্ষীৰ জোৱান গৰাকীয়ে ই-ৰিক্সাৰ চালক গৰাকীক ক্ষমা কৰাৰ সলনি প্ৰচণ্ড চৰ সোধাইছিল(Nagaon SP is taking action against the transport constable)।

এই সমগ্ৰ দৃশ্য বন্দী হৈছিল সেই স্থানত থকা ব্যক্তিৰ কেমেৰাত। ইয়াৰ পিছতে সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰে সামজিক মাধ্যমত। ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈছে ই-ৰিক্সা চালকজনে ভৰিত ধৰি ক্ষমাও বিচাৰিছে।

এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো এক্সৰ জৰিয়তে অভিযোগ কৰিছিল ভিন্নজনে। তাৰ পাছতে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই যানবাহন আৰক্ষীৰ জোৱানজনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা। তাৎক্ষণিকভাৱে তেওঁ জিতুমণিক ৰিজাৰ্ভ ক্লজ কৰিছে। ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।

লগতে পঢ়ক : Eid-Ul-Fitr To Be Celebrated In India On Thursday : কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিটৰ