Local, Vocal, Global

২৭ জুনত ঘোষণা হব HS ৰ ফলাফল

নিউজ ডেস্ক, ২৫ জুন : শনিবাৰে পুৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাৰ ফলাফল ২৭ জুনত ঘোষণা কৰা হ’ব।

টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সোমবাৰে পুৱা ৯ বজাত HSৰ ফলাফল ঘোষণা কৰা হ’ব।

তেওঁ লিখিছিল, “উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ২৭ জুনত পুৱা ৯ বজাত ঘোষণা কৰা হ’ব। ফলাফলৰ বাবে সকলোলৈ মোৰ শুভকামনা ।”

মন কৰিকৰিব লগীয়া যে মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) অধীনত হাই স্কুল এৰি যোৱা প্ৰমাণপত্ৰ (HSLC) আৰু অসম উচ্চ মাদ্ৰাছা (AHM) পৰীক্ষাৰ ফলাফল ৭ জুনত ঘোষণা কৰা হৈছিল।

ইয়াৰ পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিব দিছিল যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব ।

তেওঁ কয় যে, “HS ২০২২ৰ ফলাফলসমূহ, ৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব। আৰু ফলাফল AHSECৰ অফিচিয়েল ৱেবছাইট – SebaOnline.org, resultsassam.nic.in ত উপলব্ধ হ’ব ।

উল্লেখযোগ্য যে, ১২ এপ্ৰিলত সমাপ্ত হোৱা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰায় দুই লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।