Local, Vocal, Global

দীপাৱলীৰ প্ৰাকমুহুৰ্তত ব্যস্ত মৃৎশিল্পী সকল

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত গহপুৰৰ মৃৎশিল্পী সকলৰ মাজত দেখা গৈছে উৎসাহ-আনন্দ। গহপুৰৰ গমিৰি,মেইলবজাৰ অঞ্চলত এইকেইদিন পুৰুষ-মহিলা সকলো ব্যস্ত হৈ পৰিছে মাটি চাকি তৈয়াৰ কৰাত। ৰঙ-বিৰঙৰ চাকি,লাইট চীনা সামগ্ৰী সমূহ এইবাৰ ব্যৱহাৰ নকৰে গহপুৰীয়া ৰাইজে। সেয়ে এইবাৰ গহপুৰত চাহিদা বাঢ়িছে  মাটি চাকিৰ ; যাৰ পৰিপেক্ষিতত সন্টুষ্টি প্ৰকাশ কৰিছে মৃৎশিল্পী সকলে। যথেষ্ট সংখ্যক ব্যৱসায়ীৰ লগতে গ্ৰাহকে মাটি চাকি বিচাৰি ভিৰ কৰিছে মৃৎশিল্পী সকলৰ বাসগৃহত। যাৰ ফলত গহপুৰৰ গমিৰি -মেইলবজাৰ অঞ্চলত ১৫ টা পৰিয়ালে প্ৰত্যকেই  পঞ্চাছ হাজাৰ কৈ মাটি চাকি তৈয়াৰ কৰি উলিয়াইছে।ক’ৰোনা-লকডাউনৰ পিছতেই এতিয়া পোহৰৰ উৎসৱ দীপাৱলীয়ে গহপুৰৰ মৃৎশিল্পীৰ জীৱনলৈ ঘূৰাই  আনিছে পোহৰ। যাৰ ফলত কিছু পৰিমানে হ’লেও  হাঁহি বিৰিঙিছে মৃৎ শিল্পী সকলৰ মুখত।