সোমবাৰে নাগালেণ্ড বিধানসভাৰ ভোট গ্ৰহণ অনুষ্ঠিত;১৩ লাখৰো অধিক ভোটাৰে ভোটদান কৰি ১৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব…
ডিজিটেল ডেস্কঃ-কাইলৈ অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত বিধানসভাৰ ভোট গ্ৰহণ অনুষ্ঠিত ।৬০ টা সমষ্টিত হ’ব ভোট গ্ৰহণ অনুষ্ঠান।বিজেপিয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে এখন আসন ।৬০ টা সমষ্টিত হ’ব লগা এই নিৰ্বাচনত মুঠ তেৰটা ৰাজনৈতিক দলৰ ১৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।২৭ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে ৫৯খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এইবাৰৰ নিৰ্বাচনত চাৰিগৰাকী মহিলা প্ৰাৰ্থী আছে । ইয়াৰ ভিতৰত এন ডি পি পিৰ দুগৰাকী আৰু বিজেপি এগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী মহিলা প্ৰাৰ্থী আছে।
এইবাৰ এনডিপিপি-বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতাই । ২৭ ফেব্ৰুৱাৰীত ১৩ লাখৰো অধিক যোগ্য ভোটাৰে ভোটদান কৰি ১৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
উল্লেখযোগ্য যে এইবাৰ নাগালেণ্ডত মুঠ ভোটাৰ ১৩,০৯,৬৫১জন ।ইয়াৰে ৬ লাখ ৫৬ হাজাৰ ৩৫ গৰাকী মহিলা । ৬ লাখ ৫৩ হাজাৰ ৬১৬ গৰাকী পুৰুষ ভোটাৰ। শাৰীৰিক বাবে অক্ষম ৭,৯৮১ ভোটাৰ। প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা নতুন ভোটাৰ হৈছে ৩০,০৪৯ জন। সমগ্ৰ ৰাজ্যতেই ইতিমধ্যে ২৩১৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৫৩১টা চহৰ অঞ্চলত আৰু বাকী ১৭৮৪টা গ্ৰাম্য অঞ্চলত স্থাপন কৰা হৈছে। আনহাতে প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৫৬৬টা কৈ ভোটাৰ থাকিব। ১৯৬ টা ভোটকেন্দ্ৰ মহিলা নিৰাপত্তাৰক্ষীকে ধৰি সম্পূৰ্ণ মহিলাই পৰিচালনা কৰিব।
নিৰ্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে ৰাজ্যৰ আৰক্ষী বাহিনীৰ ৩০৫টা কোম্পানী মোতায়েন কৰা হৈছে ।
২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিমাপুৰৰ আৰক্ষী আয়ুক্ত কেভিথুটো ছফীয়ে নিৰ্দেশ জাৰি কৰিছে যে ৭২ ঘণ্টা ধৰি সকলো আন্তঃৰাজ্যিক সীমান্ত ছীল কৰা হৈছে ।