Local, Vocal, Global

কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা,বাঁহ কঢ়িয়াই নিয়া এখন ডি আই বাহনে মহতিয়াই নিয়ে এখন মটৰ চাইকেল …


কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা বাঁহ কঢ়িয়াই নিয়া এখন ডি আই বাহনে মহতিয়াই নিয়ে এখন মটৰ চাইকেল ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় মটৰ চাইকেল আৰোহীজন ৷ উল্লেখযোগ্য যে একাংশ বাঁহ কঢ়িয়াই নিয়া বাহনে আতংকৰ সৃষ্টি কৰি আহিছে কাজিৰঙাত ৷ নিতৌ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বোকাখাতৰ দিশৰ পৰা কলিয়াবৰৰ দিশত বহনক্ষম ক্ষমতাতকৈ অধিক দীঘল বাঁহ কঢ়িয়াই নিয়া বাহন সমূহৰ পৰা দুৰ্ঘটনাৰ আশংকা কাজিৰঙাৰ সচেতন মহলৰ ৷

উল্লেখযোগ্য যে কহঁৰা চাৰিআলিত পৰ্যটকৰ লগতে স্থানীয় লোকৰ হোৱা জন সমাগমৰ মাজেৰে বাঁহৰ বোজা লৈ তীব্ৰ বেগত যাতায়ত কৰা বাহন সমূহে আতংকৰ সৃষ্টি কৰি আহিছে অঞ্চলজুৰি। স্থানীয় লোকে আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ ভূমিকাৰ অভিযোগ উত্থাপন কৰিছে ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ আহ্বান প্ৰশাসনে যাতে এনে বাহন সমূহৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহন কৰে।