Local, Vocal, Global

হাইদৰাবাদৰ এজন যুৱকে নিজৰ প্ৰেমিকাক মেছেজ কৰাৰ বাবে হত্যা কৰে বন্ধুক !

ডিজিটেল ডেস্কঃ-সকলোফালে কেৱল মৃত্যুৰ কিৰিলি।মানুহ যেন সময়ৰ সোঁতত লাহে লাহে জন্তুলৈ ৰূপান্তৰিত হ’ব ধৰিছে।বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত এটা হত্যাকাণ্ডৰ ঘটনা।

বিগত বৰ্ষত পোহৰলৈ আহিছিল এক নৃশংস হত্য়াকাণ্ড ,শ্ৰদ্ধা ৱাকাৰৰ হত্য়াকাণ্ড।প্ৰেমিকে নিজৰ প্ৰেমিকাক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰি কৰি ফ্ৰীজত থৈছিল কেইবাদিনো।হত্যাকাৰী সকলে যেন এক নতুন উপায় হে বিচাৰি পালে।

শেহতীয়াকৈ অসমতো সংঘটিত হৈছে এক ৰাজ্য় জোকাৰি যোৱা হত্যাকাণ্ডৰ ।বন্দনা কলিতাৰ কাণ্ডই প্ৰতিদিনেই লৈছে নতুন ৰূপ।
তাৰেই মাজতে এইবাৰ আহিছে আন এক ঘটনা।এইবাৰ হাইদৰাবাদৰ এজন যুৱকে নিজৰ প্ৰেমিকাক মেছেজ কৰাৰ বাবে বন্ধুক হত্যা কৰে। এজন ২২ বছৰীয়া যুৱকে নিজৰ প্ৰেমিকাক মেছেজ কৰাৰ বাবেই বন্ধুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত হৰিহৰ কৃষ্ণই , পিছত নবীনৰ মূৰ কাটি , তেওঁৰ হৃদযন্ত্ৰ আৰু ব্যক্তিগত অংগ আঁতৰাই আঙুলি কাটি , আত্মসমৰ্পণ কৰিবলৈ থানালৈ খোজ কাঢ়ি যায় ।আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই ফটো তুলি প্ৰেমিকালৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।