মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক,৬ এপ্ৰিলঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে।পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।
প্ৰতিবাদী আছু কর্মীয়ে এপ্ৰণ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ।যোগান বিভাগ হায়-হায়, অসম চৰকাৰৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।গুৱাহাটী ক্লাৱৰ ৰটাৰী পইণ্টত হাতে-হাতে প্লে-কাৰ্ডলৈ ৰূপায়ণ কৰে বিক্ষোভ প্ৰতিবাদ।
দৈনিক পেট্ৰল-ডিজেলকে ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে কিন্তু দিল্লী-দিছপুৰ শুই আছে।জনতাক শোষণ কৰিছে বিজেপিয়ে কিন্তু ৰাইজে শাসন কৰিবলৈহে ভোট দিছিল-এই মন্তব্য সদৌ গুৱাহাটী ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইন।
মূল্যবৃদ্ধি ৰোধ কৰা বাবে যোগান বিভাগ তথা চৰকাৰে যি ধৰণৰ পদক্ষেপ ল’ব লাগে তেনে পদক্ষেপ পৰিলক্ষিত হোৱা নাই। প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি ফলত স্থবিৰ হৈছে জনজীৱন বুলিও আনোৱাৰ হুছেইনে কয়।
উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীত প্ৰায় শতাধিক আছুকর্মীয়ে অংশ গ্ৰহণ কৰে।