Local, Vocal, Global

প্ৰতিদিন টাইমক পৰাস্ত কৰি মিডিয়া ফুটবলৰ ফাইনেলত My News NE 

চলিত উত্তৰ-পূব মিডিয়া ক্ৰীড়া সমাৰোহৰ হৰেন্দ্ৰ নাথ বৰুৱা মিডিয়া ফুটবলৰ নকআউট মেচত প্ৰতিদিন টাইমক টাইব্ৰেকাৰৰ ছাডেন ডেথত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ My News NEৰ ৷ খেলখনৰ প্ৰথম হাফ গ’লশূন্যভাৱে সমাপ্ত হয় ৷ দ্বিতীয় হাফতো কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নোহোৱাৰ ফলত খেলখন টাইব্ৰেকৰলৈ যায় ৷

তাৰ পিছত টাইব্ৰেকাৰত ছাডেন ডেথৰ সহায়ত প্ৰতিদিন টাইমক পৰাস্ত কৰে  My News NEৰ দলে ৷ My News NEৰ হৈ টাইব্ৰেকাৰত চমকপ্ৰদ প্ৰদর্শন দাঙি ধৰে দলটোৰ অধিনায়ক আৰু গ’লৰক্ষক ৰূপক বৈশ্যই ৷ My News NEৰ হৈ অন্তিম ক্ষণত পৰাগজ্যোতি ফুকনে গ’ল কৰি My News NEৰ দলটোক ফাইনেললৈ উপনীত কৰায় ৷ এই দুইগৰাকী খেলুৱৈৰ লগতে তপেস কুমাৰ, উৎপল কলিতা, মনতাজ আলী, ৰাজু বৰা আৰু মানসজ্যোতি গোস্বামীয়ে উন্নত মানৰ প্ৰদর্শন দাঙি ধৰে ৷ অহা মঙলবাৰে নেহৰু ষ্টেডিয়ামত দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন ৷