Local, Vocal, Global

বহু অপেক্ষাৰ অন্তত কৰিণা কাপুৰ খানে ইনষ্টাগ্ৰামত আপলোড কৰিলে দ্বিতীয় পুত্ৰৰ ফটো

যোৱা ২১ ফেব্ৰুৱাৰীত কৰিণা কাপুৰ খান আৰু ছেইফ আলী খানৰ জীৱনলৈ আগমন ঘটিছিল সদ্যোজাত পুত্ৰ সন্তানৰ । আজি বহু অপেক্ষাৰ অন্তত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই ইনষ্টাগ্ৰামত আপলোড কৰিলে সদ্যোজাত পুত্ৰ সন্তানৰ ফটো । কৰিণাই ফটোখন আপলোড কৰি লগতে লিখিছে- ‘এনেকুৱা একো কাম নাই যিটো এগৰাকী মহিলাই কৰিব নোৱাৰে, সকলোলৈ নাৰী দিৱসৰ শুভেচ্ছা থাকিল’।