Local, Vocal, Global

Watch | Mushalpur BPF Meeting : UPPL দলৰ পৰা BPF দলত যোগদান একাংশৰ

মুছলপুৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰে কৰ্মীসকলৰ মাজত উথপথপ পৰিৱেশ । প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰিছে বিভিন্ন সৰু-বৰ সভা । সোতৰ বছৰে বিটিচিৰ শাসনৰ বাঘজৰী হাতত ৰখা বিপিএফে পুনৰবাৰ বিটিচি দখলৰ বাবে উঠি-পৰি লাগিছে ।

আজি দলটোৱে বাক্সা জিলাৰ ৰাবাং বড়োবাজাৰ আৰু মাজ্ৰাবাৰীত অনুষ্ঠিত কৰে দুখনকৈ সজাগতা সভা । ভোটাৰ ৰাইজ তথা দলীয় কৰ্মীক সজাগতা সভাৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা কৰা সভাখনত উপস্থিত থাকি বিপিএফ দলৰ শীৰ্ষ নেতৃত্বই কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁলোকে কয় যে বিপিএফে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত । ইউপিপিএল দলে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই যাৰ বাবে একাংশই ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰাৰ কথাও ব্যক্ত কৰে । বিটিচিৰ ঠিকাদাৰ সকলকলৈও এক ভয়ংকৰ তথ্য ফাদিল কৰে বিপিএফৰ নেতাই ।

লগতে পঢ়ক: Watch | Jamugurihat news: জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্য্য ৰূপ