উত্তৰ-পূৰ্বাঞ্চলৰ বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড মুচাক গ্ৰেপ্তাৰ
নিউজ ডেস্ক: কাছাৰ আৰক্ষীয়ে বাৰ্মিজ চুপাৰি চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড মুচা আহমেদ ছিদ্দিকিক শিলচৰ বিমান বন্দৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
কাছাৰ আৰক্ষী অধীক্ষক নুমাল মহন্তৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুচা আহমেদ ছিদ্দিকিক৷ উল্লেখ যে বাৰ্মিজ চুপাৰি চিণ্ডিকেটৰ প্ৰধান হোতা মুচা আহমেদ ছিদ্দিকিক শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷ দীৰ্ঘদিনৰ পৰা পলাতক হৈ আছিল মুচা আহমেদ ছিদ্দিকি৷ দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা চলাই আহিছিল মুচা আহমেদে৷ চুপাৰি মাফিয়াসকলৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্রাঞ্চত ৰুজু হৈ থকা গোচৰ মুখ্য অভিযুক্ত আছিল মুচা আহমেদ ছিদ্দিকি৷ কাছাৰৰ ধলাই আৰক্ষী চকীতো মুচাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে৷ মিজোৰামৰ বহু ৰাজনীতিক নেতাৰ আশীৰ্বাদত অসমসহ উত্তৰ-পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰি চিণ্ডিকেট চলাই আহিছিল মুচা বাহিনীয়ে৷ বিমান যোগে বহিঃৰাজ্যত পলাই যাবলৈ প্ৰয়াস কৰাৰ সময়ত শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ হোতা মুচাক৷ সম্প্ৰতি আদালতত হাজিৰ কৰি চাৰি দিনৰ জিম্মাত লয় কাছাৰ আৰক্ষীয়ে৷