পশ্চিমবংগত গৰু কাটি মঙহ অনা হয় অসমলৈ, গোহত্যা ৰোধত বিফল অসম চৰকাৰ
নিউজ ডেস্কঃ অসমত গো-মাংস এক প্ৰকাৰ নিষিদ্ধ কৰা হৈছে৷ ৰাজ্য চৰকাৰে বিধানসভাত আইন গৃহীত কৰি গো-ধন সুৰক্ষিত কৰিব খুজিছে যদিও গোমাংসৰ ব্যৱসায় আৰম্ভ হৈছে পশ্চিমবংগৰ পৰা৷ পশ্চিমবংগত গোধন নিধন কৰি মাংস অনা হয় অসমলৈ৷ বিলাসী গাড়ীৰে সৰবৰাহ হৈছে গৰুৰ মঙহ৷ ব্যৱসায় কৰিছে এটা প্ৰভাৱশালী চক্ৰই৷ বিজেপিয়ে নিৰ্বাচনৰ সময়ত গোমাতাৰ কথা কৈ হিন্দু ভোটাৰক আৱেগিক কৰি ভোট লয় যদিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত গোমাতাক পাহৰি যায়৷ আজি গৰুৰ মঙহ কঢ়িওৱাৰ সময়তে AS-25-L-7444 নম্বৰৰ ডিজিয়াৰ নামৰ বাহনখন জব্দ কৰে বালাজান আৰক্ষীয়ে৷ পশ্চিমবংগৰ পৰা অসমলৈ গো-মাংস সৰবৰাহৰ সময়তে গৌৰীপুৰৰ খাগৰাবাৰিত বাহনখন জব্দ কৰা হয়। গোধন আৰু গো-মাংসৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ সময়তে ন ন কৌশল আবলম্বন কৰি গোমাংস সৰবৰাহ কৰিছে এটা চক্ৰই৷ কিন্তু সকলো দেখি-শুনিও অসমৰ হিন্দুত্ববাদী বিজেপিৰ চৰকাৰ নিমাত৷ আৰক্ষীক মেনেজ কৰি এটা চক্ৰই গোপনে পশ্চিমবংগৰ পৰা ধুবুৰীলৈ গোমাংস আনি অসমৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে৷ অসমৰ গৰুৰ ব্যৱসায় একপ্ৰকাৰ বন্ধ হৈ থকাত ব্যৱসায় আৰম্ভ হৈছে চুবুৰীয়া পশ্চিমবংগত৷ এটা প্ৰভাৱশালী চক্ৰই সকলোকে মেনেজ কৰি এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷ শক্তিশালী চক্ৰই পশ্চিমবংগৰ পৰা কম দানত মাংস আনি অসমত বেছি দানত বিক্ৰী কৰি ধন ঘটিছে৷ তাৰ মাজতে আজি এক গোপন সূত্ৰৰ পম খেদি বালাজান আৰক্ষীয়ে বালাজানত এখন বিলাসী বাহন খেদি খেদি আৱদ্ধ কৰে৷ গোমাংস সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।