প্ৰতিভা পাটিলৰ পিছত ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি মুৰ্মু

নিউজ ডেস্ক, ২১ জুলাই : ২,১৬১ টা ভোট লাভ কৰি ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ NDAৰ প্ৰাৰ্থী Draupadi Murmu।
প্ৰতিভা পাটিলৰ পিছত ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে মুৰ্মু।
আনহাতে, তেওঁৰ প্ৰতিদ্বন্দী যশৱন্ত সিনহা, বিৰোধী দলৰ যুটীয়া প্ৰাৰ্থীয়ে ১,০৫৮ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ বৈধ ভোট হৈছে ৩,২১৯ আৰু মুঠ মূল্য ৮,৩৮,৮৩৯ যাৰ ভিতৰত দ্ৰৌপাডি মুৰ্মুৱে ৫,৭৭,৭৭৭মূল্যৰ ২,১৬১ টা ভোট লাভ কৰিছিল, আনহাতে যশৱন্ত সিনহাই ২,৬১,০৬২মূল্যৰ ১,০৫৮ টা ভোট লাভ কৰিছিল।