Local, Vocal, Global

হত্যা নে আত্মহত্যা, দক্ষিণ কামৰূপত চিপজৰী লৈ থকা অৱস্থাত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : দক্ষিণ কামৰূপৰ হাতীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাৰ। স্বামীৰ ঘৰত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী ন বোৱাৰী ৷ বোৱাৰী গৰাকী হাতীপাৰা গাঁওৰ ছাহানুৰ আলীৰ পত্নী নুৰনাহাৰ বেগম বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰায়ে যৌতুক বিচাৰি অত্যাচাৰ চলাই আহিছিল স্বামীয়ে ৷ অত্যাচাৰ বলি হোৱা বোৱাৰী গৰাকী চিঙিত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হল স্বামী গৃহত ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷

পিতৃ পৰিয়ালে অভিযোগ কৰা মতে বিবাহপাশত আবদ্ধ হোৱা নুৰনাহাৰ  আৰু স্বামী ছাহানুৰ আলীৰ  লগত প্ৰায়ে হৈছিল কাজিয়া ৷

আত্মীয়ই অভিযোগ কৰা মতে স্বামীয়ে হত্যা কৰি ফাচি লগাই থৈছে নাইবা অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছে ৷

বোৱাৰী গৰাকীৰ আত্মীয়ৰ অভিযোগ অনুসৰি স্বামী ছাহানুৰ আলীক গৰৈমাৰী আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ৷

গৰৈমাৰী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে ৷

মৰোনোত্তৰ পৰীক্ষা তথা আৰক্ষীক উৎচিত তদন্ততহে প্ৰকাশ পাব এয়া হত্যা নে আত্মহত্য ৷